June 25, 2024 6:48 PM

printer

স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটীৰ প্ৰথমলানি বৈঠক সম্পন্ন

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ জৰিয়তে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটীখনৰ প্ৰথমলানি বৈঠক সম্পন্ন হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সমিতিৰ অধ্যক্ষ ড° কে ৰাধাকৃষ্ণণে কৈছে যে সমিতিখনৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা। তেওঁ লগতে কৈছে যে সমিতিখনে ছাত্ৰ-ছাত্ৰীৰ অসুবিধা আৰু মানসিক চাপ কমোৱাৰ লক্ষ্যৰে শক্তিশালী আৰু স্বচ্ছ ব্যৱস্থাৱলী গঢ়ি তোলাৰ দিশতো চকু ৰাখিছে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইছৰ’ৰ প্ৰাক্তন অধ্যক্ষ ড° কে ৰাধাকৃষ্ণনৰ নেতৃত্বত ৭ জনীয়া এখন সমিতি গঠন কৰিছে। এই সমিতিখনক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰীক্ষা প্ৰক্ৰিয়াত সংস্কাৰৰ পৰামৰ্শ দিয়াৰ দায়িত্ব দিয়া হৈছে, যাতে দক্ষতা বৃদ্ধি আৰু তথ্য সুৰক্ষা ব্যৱস্থাৰ মান উন্নত হয়। সমিতিখনে বৰ্তমানৰ প্ৰক্ৰিয়াসমূহৰ মূল্যায়ন কৰিব, উন্নয়নৰ পৰামৰ্শ দিব আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ স্পষ্ট ভূমিকা আৰু দায়িত্ব নিৰ্ধাৰণ কৰিব। ইয়াৰোপৰি সমিতিখনে বৰ্তমানৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ মূল্যায়ন কৰি উন্নীতকৰণৰ প্ৰস্তাৱ আগবঢ়াব। এই সমিতিখনক শিক্ষা মন্ত্ৰালয়ত প্রতিবেদন দাখিল কৰিবলৈ দুমাহৰ সময় দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।