ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 12:05 PM | Mann Ki Baat | Swastha

printer

স্বচ্ছতা আৰু স্বচ্ছতাৰ বাবে প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাষণত অম্বিকাপুৰ আৰু বেংগালুৰুত কৰা প্ৰয়াসক প্ৰধানমন্ত্ৰী মোদীৰ শলাগ

স্বচ্ছতা আৰু স্বচ্ছতাৰ বাবে কৰা প্ৰয়াসৰ বিষয়েও বহুতো প্ৰেৰণাদায়ক বার্তা লাভ কৰাৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত উল্লেখ কৰে। এনে এক বাৰ্তা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড়ৰ অম্বিকাপুৰত চহৰখনৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাষণ কৰাৰ বাবে এক অনন্য পদক্ষেপ গ্রহণ কৰিছে। অম্বিকাপুৰ আবর্জনা (Garbage) কেফেত, য’ত প্লাষ্টিকৰ আৱৰ্জনা জমা দিলে পেট ভৰাই খুওৱা হয়। যদি কোনো ব্যক্তিয়ে এক কিলো প্লাষ্টিক লৈ যায়,  তেওঁ দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰ লাভ কৰে আৰু যদি কোনোবাই আধা কিলো প্লাষ্টিক লৈ যায়, তেওঁ জলপান খাবলৈ পায়। এই কেফেখন অম্বিকাপুৰ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত।

বেংগালুৰুত অভিযন্তা কপিল শর্মাই হ্ৰদৰ চহৰ বুলি কোৱা বেংগালুৰু আৰু ইয়াৰ হ্রদসমূহক পুনৰুজ্জীৱিত কৰাৰ এক অভিযান আৰম্ভ কৰিছে। কপিলজীৰ দলটোৱে বেংগালুৰু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ৪০ টা কুঁৱা আৰু ছটা হ্রদ পুনৰুজ্জীৱিত কৰিছে। বিশেষ কথাটো হ’ল যে তেওঁলোকে কৰ্পৰেট খণ্ড আৰু স্থানীয় লোকসকলকো এই অভিযানত জড়িত কৰাইছে। তেওঁৰ সংগঠনটো গছপুলি ৰোপণ অভিযানৰ সৈতেও জড়িত।  অম্বিকাপুৰ আৰু বেংগালুৰু- এই প্ৰেৰণাদায়ক উদাহৰণে প্রতীয়মান কৰে যে যেতিয়া কিবা এটা কৰিবলৈ মনেৰে সিদ্ধান্ত লোৱা হয়, তেতিয়া পৰিবৰ্তন অৱশ্যম্ভাবী বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।