ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

স্পেদেক্স অভিযানৰ সকলো প্রস্তুতি সম্পূৰ্ণ ‘ইছৰো’ৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে দুটা কৃত্রিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপনৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে উৎক্ষেপণ কৰিবলগীয়া স্পেদেক্স অভিযানৰ সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভাগত উৎক্ষেপণ কৰিবলগীয়া ইছৰোৰ এই অভিযান সঁচাকৈ ঐতিহাসিক, কাৰণ ইয়াৰ জৰিয়তে দুটাকৈ কৃত্ৰিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপন কৰা হ’ব। এই অভিযানেৰে দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপন কৰা বছা বছা দেশৰ মাজত ভাৰতৰ নামো অন্তৰ্ভুক্ত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে পি এছ এল ভি ৰকেটৰ সহায়ত সোমবাৰে এই উপগ্ৰহ দুটা উৎক্ষেপণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।