December 20, 2024 8:30 PM | Gauhati HC Direction

printer

স্নাতক, স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক উচ্চ ন্যায়ালয়ৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ’বলগা টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক নির্দেশ দিছে। একাংশ প্রার্থীয়ে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। শিক্ষা বিভাগে অহা ২৯ ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছিল যদিও ৫ ডিচেম্বৰতহে গণিত বিষয়টো নতুনকৈ অন্তৰ্ভুক্ত কৰে। ইয়াকে লৈ একাংশ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। প্ৰাৰ্থীসকলৰ এই আবেদনৰ ভিত্তিত ন্যায়ালয়ে পৰীক্ষাৰ দিন কমেও ১৫ দিন পিছুৱাই নিবলৈ শিক্ষা বিভাগক নির্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।