বহু জল্পনা-কল্পনা, প্রতীক্ষা, বাদ-বিসম্বাদৰ অন্তত কালি সুদীৰ্ঘ ২২ বছৰৰ মূৰত গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ কালি ১ নম্বৰ ইউনিটটো মুকলি কৰে। উল্লেখযোগ্য যে ২০০৩ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিকে আদি কৰি কুৰিৰো অধিক দল-সংগঠনে প্রতিবাদ গঢ়ি তুলিছিল। যাৰফলত এই প্ৰকল্পটোৰ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল। ২০১৯ চনত প্ৰকল্পটোৰ পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ হয় আৰু কালি প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট শক্তি উৎপাদন কৰা হয়। বাকী থকা ৭ টা টানেল চলিত বৰ্ষৰ নৱেম্বৰত মুকলি কৰাৰ বাবে বান্ধ নিৰ্মাণকাৰী সংস্থা- এন এইচ পি চিয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। লখিমপুৰ জিলাৰ বহু দল-সংগঠনে বান্ধ সুৰক্ষা সমিতিৰ পৰা অনুমোদন নোপোৱাকৈ এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত বিদ্যুৎ উৎপাদনৰ পৰীক্ষণ কাৰ্যৰ বিৰোধিতা কৰিছে। ইপিনে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প অতি বিপদজনক হ’ব বুলি বীৰ লাচিত সেনাইও প্রতিক্রিয়া ব্যক্ত কৰিছে।
Site Admin | October 25, 2025 11:50 AM | Sowansiri Power grid
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন