ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 12:37 PM | NHPC Project

printer

সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সুদীর্ঘ ২২ বছৰৰ মূৰত পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল-সংগঠনৰ প্রতিক্রিয়া

গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সুদীর্ঘ ২২ বছৰৰ মূৰত পৰহি পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া ব্যক্ত কৰে। নির্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্র গুপ্তাই জলবিদ্যুৎ প্রকল্পটোৰ মুঠ ৮টা টার্বাইনৰ ১ নম্বৰ ইউনিটটো মুকলি কৰি বিদ্যুৎ উৎপাদনৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ২০০৩ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি কুৰিৰো অধিক দল সংগঠনে প্রতিবাদ গঢ়ি তুলিছিল। যাৰফলত এই প্রকল্পটোৰ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল। ২০১৯ চনত প্রকল্পটোৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হয় আৰু পৰহি প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট শক্তি উৎপাদন কৰা হয়। বাকী থকা ৭টা টানেল চলিত বৰ্ষৰ নৱেম্বৰত মুকলি কৰাৰ বাবে বান্ধ নির্মাণকাৰী সংস্থা- এন এইচ পি চিয়ে লক্ষ্য নির্ধাৰণ কৰিছে।

ইপিনে প্রকল্পটোৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ সময়তে কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এন এইচ পি চিৰ বিৰুদ্ধে প্রতিবাদত মুখৰ হয়। কালি গুৱাহাটীত এখন সংবাদমেলত পৰিষদে গেৰুকামুখত নির্মিত এই বৃহৎ নদীবান্ধে নামনি সোঁৱণশিৰি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত নকৰা পর্যন্ত নদীবান্ধ বন্ধ ৰখাৰ দাবী তোলে। এই উদ্দেশ্যে পৰিষদে অহা ২৮ অক্টোবৰৰ পৰা এলানি প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিব বুলি সংবাদমেলত ঘোষণা কৰে। পৰিষদে প্ৰতিখন জিলা সমিতিৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ এই উদ্দেশ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।