সোমবাৰৰ পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

—তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। সদৌ মৰাণ ছাত্ৰ সন্থাই সুদীর্ঘ দিন ধৰি জনগোষ্ঠীটোৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে আপোচবিহীনভাৱে সবল ভূমিকা পালন কৰাৰ উপৰি অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাই আহিছে বুলি শ্ৰী সোণোৱালে প্ৰকাশ কৰে। জনগোষ্ঠীটোৰ যুৱ-প্ৰজন্মৰ দক্ষতা, যোগ্যতা আৰু পাৰদৰ্শিতাৰ স্ব-মূল্যায়নেৰে তেওঁলোকে নিজকে উজ্বলাই তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কালিৰ অনুষ্ঠানত গ্ৰন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হাজাৰ হাজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আয়তীয়ে খেৰি পৰিৱেশন কৰে।
অনুষ্ঠানত বিধায়ক বলিন চেতিয়া, পোনাকণ বৰুৱা, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক বদৌচা সমন্বয় বঁটা প্ৰদান কৰাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। মৰাণ জনগোষ্ঠীৰ অন্যতম ঐতিহ্যমণ্ডিত ৰাতি বিহুৰ অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।