অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন কাইলৈ অনুষ্ঠিত হ’ব। বিধানসভাৰ বিশেষ অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড০ ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব। এই অধিবেশনতে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীগোটৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি সদনে এই প্ৰস্তাৱ গ্ৰহণ কৰিব। এদিনীয়া বিশেষ অধিবেশনত প্রশ্নোত্তৰ শিতান নাথাকে। সদনৰ শূন্যকালীন ঘণ্টাতো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ’ব। সম্প্রতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা গৌৰৱ গগৈয়ে বিধানসভাৰ বিশেষ অধিবেশনৰ প্ৰৱেশ পত্ৰ বিচাৰি বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আবেদনৰ ভিত্তিত অধ্যক্ষগৰাকীয়ে প্ৰৱেশ পত্ৰ প্ৰদান কৰিছে। অধ্যক্ষৰ গেলাৰীৰ পৰা গৌৰৱ গগৈয়ে দর্শক হিচাপে বিধানসভাৰ কাৰ্যক্ৰমণিকা চাব পাৰিব।
Site Admin | June 8, 2025 7:16 PM | Assam Assembly
সোমবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন
