সোণাপুৰৰ ছায়েন্স চিটী প্রকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি সোণাপুৰৰ ছায়েন্স চিটী প্রকল্প পৰিদৰ্শন কৰে আৰু দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰীৰূপে নির্মীয়মান এই প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো অন্তিম পৰ্যায়ৰ কাম-কাজখিনি নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ যাৱতীয় বিষয়া আৰু নিৰ্মাণ প্ৰতিষ্ঠানক নির্দেশ দিয়ে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধুনিক বিজ্ঞান সংগ্রহালয় হিচাপে এই বিজ্ঞান নগৰী প্ৰকল্প ৰূপায়ণ কৰা হৈছে। এই প্ৰকল্পই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰলৈ নতুন উৎসাহ কঢ়িয়াই আনিবলৈ সমৰ্থ হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ পাছত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰো দায়িত্বত মন্ত্ৰী মহন্তই গুৱাহাটীৰ বশিষ্ঠত নির্মীয়মান অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নতুন কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

পৰিদৰ্শনকালত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া মিনাক্ষী দাস নাথ, লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তা মদন মোহন দাস আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।