ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত হৈছে। সোণাপুৰৰ ৰসাল আৰু সুমিষ্ট কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে অসম-মেঘালয় সীমান্তৱৰ্তী দন্দুৰাইত আজিৰে পৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। পাহাৰীয়া অঞ্চলটোৰ বিস্তীর্ণ এলেকাত কৰা কমলা খেতি প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক অঞ্চলটোত উপস্থিত হৈছে। অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আমন্ত্ৰী অঞ্চলৰ বান্দৰগোগ, মাগুৰচিলা, দন্দুৰাই, মাৰকাং, কলংপুৰ, কাচমলাকে ধৰি কেইবাখনো গাওঁ প্ৰচুৰ পৰিমাণে এই সময়ছোৱাত কমলা উৎপাদন হয়। এটা স্থানীয় সংস্থাই দেশী বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে আয়োজন কৰা এই উৎসৱৰ প্ৰথম দিনাই অগণন লোকৰ সমাগম হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি বস্ত্ৰ আৰু খাদ্য মেলাও অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।