November 13, 2025 8:13 PM | Keshab Mahanta Visit

printer

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰী প্ৰকল্প শীঘ্ৰেই সম্পূর্ণ হৈ উঠিব। আজি বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই প্রকল্পস্থলীত বিজ্ঞান সংগ্রাহালয় আৰু বিজ্ঞান দর্শনশালাৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। তেওঁ বিজ্ঞান নগৰী প্ৰকল্প, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্রহালয় পৰিষদ প্ৰকল্প নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশ তদাৰকৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে ৰাষ্ট্ৰীয় স্তৰৰ অত্যাধুনিক বিজ্ঞান সংগ্রহালয় হিচাপে এই বিজ্ঞান নগৰী প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আজি পৰিদৰ্শন তথা পর্যালোচনা বৈঠকত এই প্রকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ, এষ্টেকৰ সঞ্চালক জয়দীপ বৰুৱা, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ প্রতিনিধি তথা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰৰ উপৰি কাৰ্যবাহী অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সদস্যসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।