ডাউনলোড
মোবাইল এপ

android apple
signal

July 8, 2025 8:22 PM | Keshab Mahanta

printer

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। চলিত বছৰৰ ডিচেম্বৰত এই প্রকল্প আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশ তদাৰকৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰাহালয় আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে এই অত্যাধুনিক বিজ্ঞান সংগ্ৰাহালয় হিচাপে বিজ্ঞান নগৰী প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এই বিজ্ঞান নগৰীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰলৈ নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক