ডাউনলোড
মোবাইল এপ

android apple
signal

September 17, 2025 12:28 PM | Sewa Parv

printer

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ১৫ লাখ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ

সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে ১৫ লাখ গছপুলি ৰোপণ আৰু স্বচ্ছ উৎসৱৰ দৰে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যখনত চৰকাৰে সুস্থ নাৰী সবল পৰিয়াল অভিযান আৰম্ভ কৰিব।

এই সময়ছোৱাত ৰাজ্যজুৰি স্বাস্থ্য শিবিৰ আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰা হ’ব। নগৰ উন্নয়ন বিভাগে স্বচ্ছতাই সেৱা অভিযান ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অধীনত ৰাজহুৱা স্থানসমূহত বিশেষ স্বচ্ছতা অভিযান চলোৱা হ’ব। সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি ৩৪খন নগৰ ভানত কমেও ১০০টা গছপুলি ৰোপণ কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ বন বিভাগেও স্বচ্ছ উৎসৱ হিচাপে সেৱা পৰ্ব পালন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।