সেৱা পৰ্বত আজি কেপ্তেইন শুভাংশু শুক্লাৰ ঐতিহাসিক মহাজাগতিক যাত্ৰাই অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ যোৱা বিষয়ত আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনাধিষ্ঠিত চৰকাৰে সেৱা আৰু সুশাসন মন্ত্ৰৰ আধাৰত পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে নিৰৱিচ্ছিন্ন প্রয়াস চলাই আছে। আজি সেৱা পৰ্বৰ এই বিশেষ শৃংখলাত কিদৰে কেপ্তেইন শুভাংশু শুক্লাই ঐতিহাসিক মহাজাগতিক যাত্ৰাত এটা নতুন গতি প্ৰদান কৰি অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ গৈছে- সেই বিষয়ত আলোকপাত কৰা হৈছে ।
শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশ যাত্ৰী হিচাপে ইতিহাস ৰচনা কৰাৰ সময়ত ১৪০ কোটি ভাৰতীয়ৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ মহাকাশ অন্বেষণৰ ই এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। লগতে ই ISSRত মহাকাশ যাত্ৰীৰ সৈতে বাৰ্তালাপ কৰা- গগণযানৰ সফলতাৰ দিশে এটা খোজ হিচাপে পৰিগণিত হৈছে। মহাকাশত থকা কালত শুক্লা আৰু তেওঁৰ দলে ভাৰতীয় গৱেষণা প্ৰতিষ্ঠানে উদ্ভাৱন কৰা ৭ টা সূক্ষ্ম মহাকর্ষণ গৱেষণাও সম্পন্ন কৰে। এই পৰীক্ষণ ভৱিষ্যতৰ দীৰ্ঘকালীন গ্রহ-নক্ষত্ৰৰ অভিযানত সহায়ক হ’ব। অভিযানৰ বিদায় সমাৰোহত শ্ৰীশুক্লাই কয়, যে মহাকাশৰ পৰা আজিৰ ভাৰতবৰ্ষখন উচ্চাকাংক্ষী, নির্ভীক আৰু আত্ম-বিশ্বাসী ভাৰতবৰ্ষ হিচাপে দেখা যায়। তেওঁৰ এই যাত্ৰাই ভৱিষ্যতে মানৱ- মহাকাশ বিমান, এখন ভাৰতীয় মহাকাশ কেন্দ্ৰ আৰু চন্দ্ৰপৃষ্ঠলৈ এগৰাকী ভাৰতীয়ক প্ৰেৰণ কৰাৰ দৰে অভিযানৰ পথ প্রশস্ত কৰি তুলিলে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।