September 24, 2025 12:21 PM | Seva & Sushasan

printer

সেৱা আৰু সু-শাসন : পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজি আমি কেন্দ্ৰীয় চৰকাৰে কিদৰে ভাৰতৰ অৰ্ধ পৰিবাহী অভিযানৰ জৰিয়তে দেশৰ ভৱিষ্যৎ গঢ় দিছে সেই বিষয়ে চমু প্রতিবেদন আগবঢ়াইছো।
অর্থ পৰিবাহী হৈছে আধুনিক ইলেকট্ৰনিকছৰ অপৰিহাৰ্য অংগ, যিয়ে যন্ত্ৰসমূহক কাম কৰাৰ ক্ষেত্ৰত সুপ্ত মগজুৰ দৰে কাম কৰে। ২০২১ চনত ভাৰতৰ অৰ্ধ পৰিবাহী অভিযান চমুকৈ আই এছ এম আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে নিজৰ অৰ্ধ পৰিবাহী যাত্ৰাক সপোনৰ পৰা বাস্তৱলৈ ৰূপান্তৰিত কৰিছে। চলিত মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ছেমিকন ইণ্ডিয়া ২০২৫ত ভাষণ দি প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশৰ অৰ্ধ পৰিবাহী যাত্ৰাক ডিজিটেল ডায়মণ্ড অর্থাৎ ডিজিটেল হীৰা হিচাপে অভিহিত কৰে। ভাৰতৰ অৰ্ধ পৰিবাহী অভিযানে ৭৬ হাজাৰ কোটি টকাৰ ছেমিকন ইণ্ডিয়া অনুষ্ঠান চলাই আছে আৰু অৰ্ধ পৰিবাহীৰ লগতে ডিছপ্লে’ নিৰ্মাণৰ বাবে ৫০ শতাংশ পর্যন্ত সহায় আগবঢ়াইছে। ডিজাইন লিংক ইনচেনটিভ আঁচনিৰ জৰিয়তে ২৮০ খনতকৈও অধিক শৈক্ষিক প্ৰতিষ্ঠান আৰু ৭০তকৈ অধিক ষ্টাৰ্টআপক সামৰি লোৱা হৈছে। লগতে এছ পি ই চি এছ আঁচনিয়ে ইলেকট্রনিক সামগ্ৰী নিৰ্মাণৰ বাবে ২৫ শতাংশ সমৰ্থন আগবঢ়াইছে। ছেমিকন ইণ্ডিয়া ২০২৫ত দেশৰ অৰ্ধ পৰিবাহী যাত্রা মাইলৰ খুঁটিত উপনীত হয়, য’ত কেন্দ্রীয় ইলেকট্রনিক আৰু প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকভাৱে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মেড ইন ইণ্ডিয়া ছিপৰ প্ৰথমটো ছেট প্ৰদান কৰে। এই পদক্ষেপসমূহে স্বাৱলম্বী অর্ধ পৰিবাহী উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত দেশৰ অবিৰত প্ৰগতিৰ প্ৰতিফলন ঘটায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।