ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 21, 2025 6:38 PM | BTC election

printer

সোমবাৰে বিটিচি পৰিষদৰ নির্বাচন

বিটিচি নির্বাচন কাইলৈ অনুষ্ঠিত হ’ব। নির্বাচন নিয়াৰিকৈ আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে জিলা প্রশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে প্রিজাইডিং আৰু পোলিং বিষয়াসকল নিজ নিজ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। বাক্সা জিলাৰ ৫৭৫টা কেন্দ্ৰত কাইলৈ ভোটগ্ৰহণ কৰা হ’ব। জিলাখনৰ ছটা পৰিষদীয় সমষ্টিৰ ৪ লাখ ৭৪ হাজাৰ ১৯৭গৰাকী ভোটদাতাই ৫২গৰাকী প্রাতীৰৰ ভাগ্য নির্ণয় কৰিব। চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিৰ মুঠ ৪৬৬ ভোটগ্রহণ কেন্দ্ৰত কাইলৈ বি টি চিৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা উপেন্দ্র নাথ ব্রহ্ম মহাবিদ্যালয় আৰু বিজনী মহাবিদ্যালয়ৰ পৰা ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা বিষয়াসকল নিজ নিজ কেন্দ্ৰলৈ ৰাওনা হয়। উল্লেখযোগ্য যে, এইবাৰ চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিত মুঠ ৫৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জিলাখনৰ ১৯২টা ভোটগ্রহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। জিলাখনত নিৰ্বাচনী কাজ-কাজ সম্পন্ন কৰাৰ বাবে দুহেজাৰ ২২০ গৰাকী প’লিং, প্রিজাইডিং তথা অন্যান্য বিষয়া নিয়োগ কৰা হৈছে। স্পৰ্শকাতৰ কেন্দ্ৰসমূহত সূক্ষ্ম নিৰীক্ষক নিয়োগ কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি কেন্দ্ৰসমূহলৈ ভোটগ্ৰহণকাৰী বিষয়াসহ বেলট বাকচসমূহ প্ৰেৰণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।