ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 2, 2025 7:57 PM | Avinash Das

printer

সেনা চিকিৎসালয়ৰ গৱেষণা আৰু ৰেফাৰেলৰ কমাণ্ডেট হিচাপে দায়িত্ব অবিনাশ দাসৰ

লেফটেনেন্ট জেনেৰেল অবিনাশ দাসে নতুন দিল্লীৰ সেনা চিকিৎসালয়ৰ গৱেষণা আৰু ৰেফাৰেলৰ কমাণ্ডেট হিচাপে দায়িত্ব গ্রহণ কৰিছে। লেফটেনেন্ট জেনেৰেল অবিনাশ দাস সশস্ত্র বাহিনীৰ চিকিৎসা সেৱাত প্রায় চাৰি দশক ধৰি চকু, কাণ আৰু নাক বিভাগত সেৱা আগবঢ়োৱা এগৰাকী বিশেষজ্ঞ। কমাণ্ড হাস্পতালৰ প্ৰাক্তন কমাণ্ডেন্ট হিচাপে লেফটেনেন্ট জেনেৰেল দাসে উধামপুৰ হাস্পতালখন নতুন, অত্যাধুনিক সুবিধা থকা ঠাইলৈ স্থানান্তৰিত কৰাৰ কাম সফলতাৰে চোৱাচিতা কৰিছিল। সেনা চিকিৎসালয়ত তেওঁৰ নেতৃত্বই স্বাস্থ্যসেৱা, গৱেষণা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ উৎকৰ্ষ সাধন সম্ভৱ কৰি তুলিব বুলি প্ৰতিৰক্ষা মন্ত্রালয়ে আশা প্রকাশ কৰে।