সুৱনখাটাত চতুৰ্দশ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক মাঘমেলা আৰম্ভ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত আজিৰে পৰা চতুৰ্দশ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক মাঘমেলা আৰম্ভ হৈছে। শান্তি আৰু সম্প্ৰীতিৰ বাণী লৈ ভূটান পাহাৰৰ পৰা কুৰ্মালাগাসকল ইতিমধ্যে ভাৰত-ভূটান বন্ধুত্ব মেলাস্থলীলৈ নামি আহিছে। বড়ো, ৰাভা, গোর্খা, চাওতালী, কোচ-ৰাজবংশীৰ লগতে ভূটীয়াসকলৰ পৰম্পৰাগত লোকনৃত্য গীতেৰে সুৱনখাটাৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছে। ৯-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাৰ মুখ্য তোৰণ বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখা ৰাণী দাস বড়োই উন্মোচন কৰে। ইয়াৰ পাছতে বাক্সাৰ জিলা আয়ুক্ত গৌতম দাসে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু ভূটানৰ চান্দুপ ঝংখাৰৰ উপায়ুক্ত ময়ৰ দাসো এমপনে ভূটানৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ লগে লগে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি মেলা মকুলি কৰা হয়। ভাৰত-ভূটান বন্ধুত্ব মেলাত ভূটানৰ বিভিন্ন খাদ্য-সম্ভাৰ উপলব্ধ হোৱাৰ উপৰি দেশখনৰ সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰা হ’ব। মেলাত ভূটানত জৈৱিকভাৱে উৎপাদিত সামগ্ৰীয়ে দর্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে। এই বন্ধুত্ব মেলাৰ জৰিয়তে দুয়োখন দেশৰ বন্ধুত্ব শক্তিশালী হোৱাৰ লগতে বাণিজ্যিক দিশৰ উত্তৰণ ঘটিব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।