December 25, 2025 8:00 PM | DR jitrendar singh

printer

সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্রিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্রশাসনিক দায়িত্বঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙ

সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্রিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্রশাসনিক দায়িত্ব বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙে মন্তব্য কৰিছে। সুশাসন দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত সুশাসন কার্যপ্রণালী বিষয়ত ৰাষ্ট্ৰীয় কর্মশালাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ড০ সিঙে কয়, যে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ বাবেই প্রশাসনিক দক্ষতা বৃদ্ধি পাইছে আৰু সামাজিক কল্যাণ সম্পর্কীয় সু-ফল লাভৰ প্ৰক্ৰিয়া ত্বৰান্তিত হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্রাক্তন সৈনিকৰ বাবে সংৰক্ষণ সম্পর্কীয় নীতি-নির্দেশনাৰ সংগ্ৰহ, কৃত্রিম বুদ্ধিমত্তা পৰিচালিত নিয়োগ নিয়ম সৃজন আহিলা আৰু কৰ্মযোগী ডিজিটেল শিকন পৰীক্ষাগাৰৰ দ্বিতীয় সংস্কৰণকে ধৰি পাঁচটা গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰে। শাসন প্রক্রিয়া শক্তশালী কৰা আৰু দ্রুত পৰিৱৰ্তনশীল প্রশাসনিক প্রেক্ষাপটৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বাবে অসামৰিক সেৱাৰ বিষয়াসকলক সাজু কৰি তোলাই এই উদ্যমসমূহৰ মূল উদ্দেশ্য বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।