সুশাসনক জৰুৰী অধিকাৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে

ভাৰতবৰ্ষক দক্ষ প্রতিষ্ঠান আৰু সহানুভূতিশীল শাসন ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদা সুনিশ্চিত কৰিব পৰা এখন ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ ভৱিষ্যতৰ আকাংক্ষা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱস আৰু নিত্য আৱশ্যকতা পূৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি ড° মিশ্রাই সুশাসনক জৰুৰী অধিকাৰ বুলি অভিহিত কৰে। তেওঁ লগতে সুশাসনৰ বাবে দক্ষ ব্যৱস্থা, স্বচ্ছ প্ৰক্ৰিয়া আৰু জনসাধাৰণৰ প্ৰতি সন্মান তথা সহানুভূতি থকা প্রতিষ্ঠান জৰুৰী বুলি মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে উপকাৰ লাভ কৰাটো বিচাৰে। তেওঁ কয়, যে ২০১৪ চনৰ পাছৰে পৰা চৰকাৰে সমাজৰ একেবাৰে শেষৰগৰাকী ব্যক্তিয়েও বিভিন্ন আঁচনিৰ সুফল লাভ কৰাটোত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানসচিবগৰাকীয়ে কয়, যে ১৯৪৮ চনত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাই মৰ্যাদাৰ এটা উমৈহতীয়া শব্দাৱলী প্ৰদান কৰিছিল আৰু এইক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।