সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচী

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীর্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত এই গীতটি পৰিৱেশন কৰাৰ বাবে শিল্পী, ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ কয়, যে মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰেই নহয়, সমগ্ৰ মানৱ জাতিৰে সম্পদ। এই গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্কক সুধাকণ্ঠই অধিক শক্তিশালী কৰি তুলিছিল বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ধলা-শদিয়াৰ ড০ ভূপেন হাজৰিকা সেতুৰ জিৰো পইণ্টত তেওঁৰ প্ৰায় ১০০ ফুট উচ্চতাৰ এটি বিশাল প্রতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে লোকনির্মাণ বিভাগে এই প্রতিমূর্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে অসমৰ প্ৰতিখন চহৰত এটাকৈ পথ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব বুলি উল্লেখ কৰে।
অসম আন্দোলনৰ পটভূমিত ছহিদসকলক সুঁৱৰি সুধাকণ্ঠই ৰচনা কৰা ছহিদ প্ৰণামো তোমাক শীৰ্ষক গীতটিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে গুৱাহাটীৰ নৱনিৰ্মিত ছহিদ স্মাৰক ভৱনৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি অহা ১০ ডিচেম্বৰত এই গীতটি সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ’ব।
আজিৰ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপৰি বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকী শিল্পী তথা বিষয়ববীয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।