প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত অনুৰাধা শৰ্মা পুজাৰীয়ে সংকলন কৰা ড° ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে। তেওঁ ২১টা ভাষালৈ অনুদিত এই গ্ৰন্থখন ভার্চুৱেল ব্যৱস্থাৰেও উন্মোচন কৰে। নিজৰ ভাষণত তেওঁ কিংবদন্তি শিল্পী ড০ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। সুধাকণ্ঠৰ কেইবাটাও গীতৰ ফাঁকি আওৰাই প্ৰধানমন্ত্ৰীয়ে এই গীতসমূহ দেশৰ সমাজ জীৱনৰ বাবে কিমান তাৎপর্যপূর্ণ এই বিষয়ে উল্লেখ কৰে। তেওঁ লগতে অসম চৰকাৰক এই সুন্দৰ অনুষ্ঠানৰ আয়োজনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই অনুষ্ঠানত উপস্থিত হৈ ধন্য হৈছে বুলি মত প্ৰকাশ কৰে।
শিল্পীগৰাকীৰ শতবৰ্ষ উদযাপনৰ জৰিয়তে চৰকাৰে মহান শিল্পীগৰাকীৰ গীত আৰু বিশ্বজনীন চিন্তাধাৰাক বিশ্বৰ প্ৰতিজন মানুহৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে বুলি তেওঁ মন্তব্য কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে অসমৰ সামাজিক সংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্রহণ কৰে ৷
মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কয়, যে শিল্পীগৰাকীৰ গীতে জনজীৱনক তুলি ধৰাৰ লগতে স্বদেশ প্রেম, অসমৰ প্ৰকৃতি, সমাজ জীৱন আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিটো দিশক উজ্জীৱিত কৰি তুলিছিল। ড০ শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে অনন্য মাত্ৰা বহন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
অনুষ্ঠানত ১২০০ গৰাকী শিল্পীয়ে বিশ্ববন্দিত শিল্পীগৰাকীৰ কণ্ঠৰ ১৪টা গীতৰ বচা বচা অংশ সমস্বৰে পৰিবেশন কৰি নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।
Site Admin | September 14, 2025 11:06 AM | PM Modi@-Bhupen-Hazarika-birth-anniversary
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰে স্মৰণ
