ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 8:10 PM | PM in Guwahati

printer

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কিছুসময় পূর্বে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। খেলপথাৰৰ অনুষ্ঠানস্থলীত পদাৰ্পন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীগৰাকীক মঞ্চলৈ আদৰি আনে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ আদৰণি ভাষণেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছতে এহেজাৰ ২০০ গৰাকী শিল্পীয়ে বিশ্ববন্দিত শিল্পীগৰাকীৰ কণ্ঠৰ ১৪ টা গীতৰ বচা বচা অংশ সমস্বৰে পৰিবেশন কৰি নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।
এই অনুষ্ঠানতে শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত অনুৰাধা শৰ্মা পুজাৰীয়ে সংকলন কৰা ড° ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে। তেওঁ লগতে ২১ টা ভাষালৈ অনুদিত এই গ্রন্থখন ভার্চুৱেল ব্যৱস্থাৰে উন্মোচন কৰে। নিজৰ ভাষণৰ আৰম্ভণিতে প্রধানমন্ত্ৰীয়ে ভূপেন হাজৰিকা অমৰ হওক বুলি ধবনি দিয়ে। তেওঁ কিংবদন্তি শিল্পী ড০ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ লগতে অসম চৰকাৰৰ এই সুন্দৰ অনুষ্ঠানৰ আয়োজনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই অনুষ্ঠানত উপস্থিত হৈ ধন্য হৈছে বুলি মত প্ৰকাশ কৰে। সংগীতত ভাৰতৰ স্বপ্নক সংযোজন কৰা, গীতেৰে প্ৰৱহমান পবিত্ৰ গংগাৰ পৰা ব্ৰহ্মপুত্ৰ লৈ লহৰ তোলা শিল্পীগৰাকীয়ে মানুহৰ মনৰ সংবেদনশীলতাক প্ৰতিভাত কৰি তুলিছিল বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। শিল্পীগৰাকীৰ শতবৰ্ষ উদযাপনৰ জৰিয়তে চৰকাৰে মহান শিল্পীগৰাকীৰ গীত আৰু বিশ্বজনিন চিন্তাধাৰাক বিশ্বৰ প্ৰতিজন মানুহৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে সংগীত সাধনা হলে ই আমাৰ অন্তৰাত্মাক স্পৰ্শ কৰে। আনহাতে সংগীত সংকল্প হলে সেই সংগীতে সমাজৰ দিশ নিৰ্ণয় কৰে বুলি প্ৰধানমন্ত্রীয়ে মন্তব্য কৰে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা এনে এগৰাকী পথ প্ৰদৰ্শক শিল্পী বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ শিল্পী ড০ ভূপেন হাজৰিকাৰ স্মৃতিত সশ্রদ্ধ প্ৰণিপাত জনোৱাৰ লগতে শিল্পীগৰাকীৰ গীতৰ বহুমাত্ৰিক দিশৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে শিল্পীগৰাকীৰ গীতে জনজীৱনক তুলি ধৰাৰ লগতে স্বদেশ প্রেম, অসমৰ প্ৰকৃতি, সমাজ জীৱন আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিটো দিশক উজ্জীৱিত কৰি তুলিছিল। ড০ শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে অসমৰ উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা সহায় আৰু সহযোগিতাৰ শলাগ লয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে অনন্য মাত্ৰা বহন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে অসমৰ সামাজিক সংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
প্রধানমন্ত্রীয়ে আজি নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব। এই ভ্ৰমণকালত অসমৰ ১৮ হাজাৰ ৫৩০ কোটি টকা ব্যয়সাপেক্ষে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
তেওঁ কাইলৈ মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ভার্চুৱেল পদ্ধতিৰে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব ।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব।