ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 8, 2024 5:36 PM | Amit Shah

printer

সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে ৬ দশক ধৰি দেশৰ সীমান্ত সুৰক্ষিত কৰি আহিছেঃ গৃহমন্ত্রী অমিত শ্বাহ

গৃহমন্ত্রী অমিত শ্বাহে কৈছে, যে সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে ৬ দশক ধৰি দেশৰ সীমান্ত সুৰক্ষাৰ প্ৰথমটো শাৰী শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে।
ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীশ্বাহে এই মন্তব্য আগবঢ়ায়। আৰম্ভণিৰে পৰা ভাৰতৰ ভৌগলিক অখণ্ডতা ৰক্ষা আৰু সীমান্তত শান্তি বৰ্তাই ৰখাত সীমান্ত সুৰক্ষা বাহিনীয়ে গুৰুত্ব ভূমিকা পালন কৰি আহিছে। যোধপুৰৰ বি এছ এফ ৰাজস্থান ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ পেৰেডত গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত আছে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বি এছ এফৰ জোৱানসকলে অংশগ্ৰহণ কৰিছে । অনুষ্ঠানতে বাহিনীটোৰ মহিলা জোৱান আৰু দগ স্কোৱাদেও নিজৰ সামৰ্থ আৰু শক্তি প্ৰদৰ্শন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ৭ গৰাকী জোৱানক সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।