ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সীমান্ত পথ সংস্থা বি আৰ অ’ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

সীমান্ত পথ সংস্থা বি আৰ অ’ৰ আজি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেয়ে সংস্থাটোক প্ৰতিকূল বতৰৰ পৰিস্থিতি নেওচি তথা দুর্গম অঞ্চলতো সফলভাৱে সেৱা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে। বি আৰ অ’ৰ এটা অতি গুৰুত্বপূৰ্ণ সংস্থা হিচাপে অভিহিত কৰি বি আৰ অ’য়ে দুর্গম অঞ্চলসমূহৰ আর্থসামাজিক প্রগতি সুনিশ্চিত কৰাৰ উপৰি দেশৰ নিৰাপত্তা খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। তেওঁ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবেও সংস্থাটোক প্ৰশংসা কৰে। মানৱীয় প্ৰচেষ্টা হ্ৰাস কৰাৰ লগতে এইসমূহ অধিক যথাযোগ্যভাৱে ব্যৱহাৰ কৰি প্ৰকল্পৰ দ্ৰুত ৰূপায়ণ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ তেওঁ সংস্থাটোলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।