সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে ভাৰতে আগ্রাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত আজি ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বৰ তৃতীয়টো প্ৰতিনিধি দল ৰাওনা হৈছে। এই দলটোৱে স্পেইন, গ্ৰীচ, শ্ল’ভেনিয়া, লাভিয়া আৰু ৰাছিয়া ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে কালি দুটা সর্বদলীয় প্রতিনিধি দল ৯ খন দেশলৈ ৰাওনা হয়। অপাৰেশ্বন সিন্দুৰ বিষয়ক কূটনৈতিক প্ৰয়াসৰ অংশ হিচাপে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা নেতৃত্বাধীন এটা সর্বদলীয় প্রতিনিধি দলে ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ যাত্ৰা কৰে। এটা বাৰ্তাত জে ডি ইউৰ সাংসদগৰাকীয়ে কয়, যে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ প্ৰতিনিধি দলসমূহে পূর্ণ সমর্থন কামনা কৰিছে। অপাৰেচন সিন্দূৰত ভাৰতৰ নিয়ন্ত্ৰিত আক্ৰমণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখ কৰি জাপান আৰু ভাৰত শান্তি আৰু গণতান্ত্রিক মূল্যবোধৰ ক্ষেত্ৰত একত্ৰিতভাৱে থিয় দিছে বুলি প্ৰকাশ কৰে। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দে নেতৃত্বত আন এটা দলে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র-ইউ এ ই, লাইবেৰিয়া, কংগো, আৰু ছিয়েৰা লিঅ’নত উপস্থিত হৈছে। ভ্রমণকালত দল দুটাই সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ সংকল্পৰ বিষয়ে দেশ কেইখনক অৱগত কৰিব। এই দলকেইটাই সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলনতাৰ বাৰ্তা বহন কৰিব আৰু অপাৰেছন সিন্দূৰৰ বিষয়ে জনাব।
Site Admin | May 22, 2025 3:24 PM | Akashvani News | JD(U) MP Sanjay Kumar Jha
সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ প্ৰতিনিধি দলসমূহে পূর্ণ সমর্থন কামনা কৰিছে
