ডাউনলোড
মোবাইল এপ

android apple
signal

সীমান্তৰ ন’ মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ৬৫ জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে

অসম আৰক্ষীয়ে এই সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰা অবৈধ বাংলাদেশী নাগৰিকসকলক সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত বাংলাদেশ সীমান্তৰ ন’ মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ইয়াৰে ৬৫ জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে। ইয়াৰে ৬৪ গৰাকী সন্দেহজনক নাগৰিকক গোৱালপাৰা ডিটেনচন কেম্পত ৰখা হৈছে। ইপিনে মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকগৰাকীক নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া হয়। জিলাখনৰ মিকিৰভেটা থানাৰ খান্দা পুখুৰী গাঁৱৰ বাসিন্দা শিক্ষকগৰাকীৰ পিতৃৰ নাম ১৯৬৫ চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে। জিলাখনৰ তিনি নম্বৰ বিদেশী ন্যায়াধীকৰণে পাঁচ বছৰ পূৰ্বে বিদেশী নাগৰিক ঘোষণা কৰাৰ পাছত ইছলামে প্রথমে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু পাছলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। সর্বোচ্চ ন্যায়ালয়ত গোচৰৰ কোনো ৰায় প্ৰদান হোৱাৰ পূৰ্বে তেওঁক বিদেশী বুলি আটক কৰি গোৱালপাৰা ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল যোগে কয়, যে বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা আৰু সেই ৰায়ক লৈ আপীল নকৰা বাংলাদেশীসকলকহে ঘূৰাই পঠিওৱাৰ নিৰ্দেশ দিয়া হৈছে। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা ব্যক্তিক হাৰাশাস্তি নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ইয়াৰ পাছতে ৬৫ গৰাকী ঘূৰাই পঠিওৱা বাংলাদেশী লোকক পুনৰ ভাৰত তথা অসম চৰকাৰে ঘূৰাই লৈছে।

অধিক পঢ়ক

সকলো চাওক