● ভাৰতে সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে কয় যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাকে ধৰি কিছুমান মৌলিক নীতিক মানি চলাটো অত্যন্ত প্রয়োজনীয়। তেওঁ ভাৰতৰ গণতন্ত্ৰ আৰু উন্নয়নৰ আৰ্হিৰ বিপৰীতে পাকিস্তানক ধর্মান্ধতাত ডুব যোৱা এখন ধাৰাবাহিক ঋণগ্রহণকাৰী ৰাষ্ট্ৰ বুলি অভিহিত কৰে।
বহুপক্ষীয়তাবাদ আৰু বিবাদৰ শান্তিপূর্ণ নিষ্পত্তিৰ ওপৰত পৰিষদৰ মুকলি বিতর্কত ভাষণ দি শ্ৰী হৰিছে কয় যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ প্ৰত্যক্ষ অনুৰোধৰ পিছত অপাৰেচন সিন্দুৰ স্থগিত ৰখা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ মধ্যস্থতা সম্পৰ্কীয় দাবী নাকচ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধিয়ে কয় যে এই অভিযান প্ৰাথমিক লক্ষ্যত উপনীত হোৱাৰ পিছত পাকিস্তানৰ অনুৰোধত স্থগিত ৰখা হৈছিল। হৰিশে পুনৰ কয় যে যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ কোনো মধ্যস্থতা বা বাণিজ্যিক চুক্তি জড়িত নাছিল। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত হোৱা টেলিফোনিক বার্তালাপৰ কথাও উল্লেখ কৰে, য’ত প্ৰধানমন্ত্রী মোদীয়ে এনে কোনো চুক্তি বা মধ্যস্থতা নাই বুলি স্পষ্ট কৰি দিছিল।
তেওঁ কয় যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু পাকিস্তানৰ শীর্ষ সামৰিক বিষয়াইও নিশ্চিত কৰিছে যে পাকিস্তানৰ সামৰিক নেতৃত্বৰ প্রত্যক্ষ অনুৰোধৰ পিছত যুদ্ধবিৰতি আৰম্ভ কৰা হৈছিল।
সিন্ধু জল সন্ধিৰ ওপৰত হৰিছে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে সন্ত্ৰাসবাদৰ প্রতি সমর্থন বন্ধ নকৰালৈকে ইয়াক স্থগিত ৰখা হৈছে।