পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে দুহেজাৰ ২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্ৰকাশ কৰা মতে ইৰানৰ মাছাদৰ পৰা ২৯২ গৰাকী ভাৰতীয় লোকক লৈ অনা এখন বিশেষ বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে।
বায়ুসেনাই প্রয়োজনৰ সময়ত দেশৰ ভিতৰত অথবা বিশ্বৰ যিকোনো প্রান্তত সহায়-সহযোগিতা আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। বায়ুসেনাই ভাৰত আৰু ইয়াৰ মিত্ৰদেশৰ লোকসকলক উদ্ধাৰৰ বাবে জৰ্দান আৰু ইজিপ্তৰ পৰা অভিযান চলাইছে। সিন্ধু অভিযানৰ অধীনত ইজৰাইলৰ পৰাও ১৬৫ গৰাকী ভাৰতীয় লোকক ওভতাই অনা হৈছে। তথ্য, সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে এই লোকসকলক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, যে এই যাত্ৰীসকলৰ মাজত ২২ খন বেলেগ বেলেগ ৰাজ্যৰ লোক আছে আৰু তেওঁলোক নিজ দেশলৈ ঘূৰি আহিবলৈ পাই অতি আনন্দিত। ইজৰাইলৰ আম্মানৰ পৰা ১৬৫ গৰাকী ভাৰতীয় লোকক লৈ অহা বিমানখনে নতুন দিল্লীত অৱতৰণ কৰাৰ পাছতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই তেওঁলোকক আদৰণি জনায়। শ্রী মাৰ্ঘেৰিটাই কয়, যে চৰকাৰে ইৰান আৰু ইজৰাইলত থকা ভাৰতীয় লোকসকলৰ সৈতে সঘন যোগাযোগত আছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য আৰু সমৰ্থন আগবঢ়োৱা হৈছে।