ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 15, 2025 11:46 AM | BJP Congress

printer

সিন্দূৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী কংগ্ৰেছক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে সিন্দূৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী কংগ্ৰেছ দলক তীব্র সমালোচনা কৰিছে। কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে সশস্ত্র বাহিনীসমূহে এই অভিযানৰ সময়ত অসাধাৰণ বীৰত্ব আৰু নিখুঁটভাৱে আঘাত হনাৰ সামৰ্থ প্ৰদৰ্শন কৰিছে। তেওঁ কয়, যে সিন্দুৰ অভিযান চলি আছে আৰু এই অভিযানক লৈ অবিৰতভাৱে প্রশ্ন উত্থাপন কৰি কংগ্ৰেছে প্ৰকৃততে নিজৰ অভিপ্ৰায়ক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। শ্রীত্রিবেদিয়ে কয়, যে প্রতিশ্রুতিবদ্ধতা শব্দত নহয় বৰং কার্যত স্পষ্ট হ’ব লাগে। মুখপাত্ৰগৰাকীয়ে কয়, যে কথা-কামত একতা প্রতিফলিত হ’ব লাগে কিয়নো মূল্যহীন কথা আৰু পৰস্পৰ বিৰোধী কামে অবিশ্বাসৰ সৃষ্টি কৰে। দেশে যি সময়ত একেস্বৰে কথা কোৱাৰ প্ৰয়োজন, সেই সময়ত কংগ্ৰেছৰ এনে ধৰণৰ আচৰণ অনুচিত আৰু দায়িত্বহীন বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।