ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি ১৬১ সংখ্যক ওপজা দিন

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬১ সংখ্যক ওপজা দিন আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে, ১৮৬৪ চনৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰসৰাজ বেজৰুৱাৰ জন্ম হৈছিল আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ২০২১ চনৰ পৰা লক্ষ্মী পূৰ্ণিমাৰ দিনটোত এই দিৱস উদযাপন কৰি আহিছে। এই উপলক্ষে আজি পুৱা সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্রদ্ধাঞ্জলি তৰ্পণ কৰা হয়। সাহিত্যৰথী বেজবৰুৱাৰ পৰিনাতি বোৱাৰী অৰুন্ধতী বেজবৰুৱাই মুকলি কৰা এই কাৰ্যসূচী শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰতীম শৰ্মাই সাহিত্যৰথী বেজবৰুৱাৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে জিলা ছাত্ৰ সন্থাই চলিত বছৰৰ বাবে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। অনুষ্ঠানত নিবন্ধকাৰ এনামুদ্দিন আহমেদ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক হিমাংশু নেওগো উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।