ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাহিত্যিক লুম্মেৰ ডাইৰ ওপজা দিন পালন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে প্ৰথিতযশা, সাহিত্যিক, সাংবাদিক লুম্মেৰ ডাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ ডাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাংৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাংৰ সভাপতি টায়েত তালমে সাহিত্যিকগৰাকীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত মামাং ডাইক লুম্মেৰ ডাই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ’চাইটিৰ সভাপতি য়েছে দৰজে থংছি আৰু সাহিত্যিক নন্দ সিং বৰকলাৰ লগতে দুয়োখন ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সাহিত্য সভাই দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত সম্পর্ক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে। কালিৰ অনুষ্ঠানত বিহু, মিচিং, বড়ো, নেপালীকে ধৰি কেইবাটাও জনগোষ্ঠীয় কৃষ্টি পৰিৱেশন কৰা হয়।

অসম সাহিত্য সভাৰ আহ্বানত কালি ওদালগুৰি জিলা সাহিত্য সভাইও বিশিষ্ট সাহিত্যিক লুম্মেৰ ডাইৰ ওপজা দিন পালন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।