ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাহিত্যচাৰ্য্য নাহেন্দ্র পাড়ুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত

সাহিত্যচাৰ্য্য নাহেন্দ্র পাড়ুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি এখন বিশেষ আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰখনত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য জ্যোতি প্ৰসাদ শ‍ইকীয়াই মানুহৰ চিন্তা : কল্পনা প্রসূতৰ পৰা উত্তৰ আধুনিকতাৰ দিশে শীৰ্ষক এটা বক্তৃতা প্রদান কৰে। অনুষ্ঠানটো শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহাদেৱ পাটগিৰি উদ্বোধন কৰে।