বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত এই বানত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। যোৱা ২৪ ঘণ্টাত ডিমা হাচাও আৰু শ্ৰীভূমি জিলাত ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। আজি মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পাচনৈ আৰু বৰবিল অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ কয়, যে এই স্পর্শকাতৰ সময়ত চৰকাৰে ক্ষতিগ্রস্তসকলক সকলো প্ৰকাৰে সকাহ আৰু সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্রীয়ে কয়, যে প্রশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে অহৰহ কাম কৰি আছে আৰু পৰিস্থিতি স্বাভাৱিক হ’লে ক্ষতিগ্রস্তসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব। ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্রস্ত বিভিন্ন অঞ্চল আজি মন্ত্রী প্রশান্ত ফুকনে পৰিদৰ্শন কৰি ক্ষতিগ্রস্তসকলক প্রশাসনে আগবঢ়োৱা সাহায্য সম্পর্কে বুজ লয়। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ব্ৰহ্মপুত্ৰত কালি সন্ধানহীন হোৱা কনমানি তনুজ মুৰাৰ পৰিয়ালক সাক্ষাৎ কৰি এন ডি আৰ এফ আৰু আৰক্ষীক শিশুটিৰ উদ্ধাৰ অভিযান তীব্ৰ কৰি তোলাৰ বাবে আহ্বান জনায়। ইপিনে জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি পর্যালোচনাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি নির্বাপক বাহিনী আৰু অন্য জৰুৰীকালীন সেৱা বিভাগৰ দ্বাৰা চলাই থকা উদ্ধাৰ অভিযানৰ বুজ লোৱা হয়। তদুপৰি বান ক্ষতিগ্রস্তসকলক সাহায্য সামগ্রী প্রদান ব্যৱস্থাৰো বুজ লোৱা হয়। এই বৈঠকত জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে বিভিন্ন বিভাগক সহযোগিতাৰে কাম কৰি জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে আহ্বান জনায়।বৰাক উপত্যকাৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। বৰাক নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাবিত হৈছে। কাছাৰ জিলাত এক লাখৰো অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। শিলচৰ বেৰেংগা-কাশীপুৰ সম্পূৰ্ণৰূপে বুৰ যোৱাৰ ফলত পথটোৰে যাতায়াত বন্ধ হৈছে। শিলচৰ শ্ৰীভূমি পথৰ পাচগ্রাম অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। জিলাখনৰ পাঁচ হাজাৰৰো অধিক লোকে আশ্রয় শিবিৰ আশ্ৰয় লৈ আছে। শিলচৰ ষ্টেচনৰ পিট লাইনত পানী জমা হোৱাৰ বাবে আজি নিশা ১০ বাজি ৪০ মিনিটত যাত্ৰা কৰিবলগীয়া শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ ৰে’লখনৰ যাত্ৰা বাতিল কৰা হৈছে। তদুপৰি শিলচৰ-নাহৰলগুন ৰে’লখনৰ যাত্ৰাও বাতিল কৰা হৈছে। একেদৰে শিলচৰ নতুন দিল্লীৰ মাজত চলাচল কৰা চম্পকক্রান্তি এক্সপ্ৰেছ ৰে’লখনে আজি সন্ধিয়া চাৰে সাত বজাৰ পৰিৱৰ্তে কাইলৈ পুৱা ৮ বজাত যাত্ৰা কৰিব। কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শিলচৰলৈ আহি পৰিস্থিতি পৰিদৰ্শন কৰাৰ কথা। অৱশ্যে শিলচৰ চহৰৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ ফলত জনজীৱন প্ৰায় স্বাভাৱিক হৈ উঠিছে। গোলাঘাট জিলাৰ দেৰগাঁৱত শগুনপাৰা মথাউৰি ছিগি যোৱাৰ ফলত কুৰি খনৰো অধিক গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বোকাখাত সমজিলাৰ বৃহত্তৰ কুৰুৱাবাহীৰ মৰিয়াহোলা, দীঘলীআটি, মিছামৰীয়া বিভিন্ন অঞ্চলত বান ক্ষতিগ্ৰস্ত ৰাইজ সংকটৰ সন্মুখীন হৈছে। যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। অৱশ্যে নিমাতিঘাটকে ধৰি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণত আছে। নগাঁও জিলাত ব্ৰহ্মপুত্র, কপিলিকে ধৰি কেইবাখনো নৈৰ পানী বিপদসীমাৰ ওপৰত আছে।মৰিগাঁও জিলাৰ ধৰ্মতুল থানাৰ অন্তৰ্গত এক নম্বৰ গোনামাৰাত আজি কলং নৈৰ সোঁতত উটি গৈ প্রতাপ মেধি নামৰ এজন লোকৰ মৃত্যু হয়। সোঁতে উটুৱাই নিয়াৰ কিছু সময় পাছত এছ ডি আৰ এফে অভিযান চলাই লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।
Site Admin | June 2, 2025 6:53 PM | Akashvani Guwahati | Assam Flood | Assam Flood Situation
সাম্প্ৰতিক বান পৰিস্থিতিত যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু
