সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্রস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্রতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১৫ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা দুটা আশ্রয় শিবিৰত ৪৬৪ জন লোকে আশ্ৰয় লৈ আছে।
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত ডিব্ৰুগড় জিলাৰ উপকণ্ঠ অঞ্চল বগীবিলৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানে কেইবাশ বিঘা কৃষিভূমি বুৰাই পেলাইছে। এতিয়াও অঞ্চলটোৰ কমেও ২৭ টা পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈ আছে। জিলাখনৰ খোৱাং সমষ্টিৰ কেইবাখনো গাঁও বুঢ়ীদিহিং নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। সমষ্টিটোৰ ভগামূৰ উন্নয়ন খণ্ডৰ ৰিং বান্ধ ছিগি যোৱাত গাঁওকেইখন জলমগ্ন হৈছে। জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ ৬৬ খন গাঁৱৰ ২০ হাজাৰৰো অধিক লোক বছৰৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ অকলেণ্ডত ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱা এটি ৭ বছৰীয়া শিশুক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। জিলাখনত ২০ হাজাৰৰো অধিক পশুধনৰো ক্ষতি হৈছে। যোৱা দুদিন ধৰি বতৰ কিছু ফৰকাল হৈছে যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে।
হোজাই জিলাত কপিলী নৈৰ বাঢ়নি পানীয়ে ভালেমান অঞ্চল প্লাৱিত কৰিছে। আজি বতৰ ফৰকাল হোৱাৰ বাবে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ১৫ খন গাঁৱৰ ৯ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কৱলত আছে।
বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। বৰাক, লংগাইৰ আৰু কুছিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে। জিলা সদৰত ৯ টা সাহায্য শিবিৰ মুকলি কৰি সাহায্য সামগ্রী বিতৰণ কৰি থকা হৈছে।
কলিয়াবৰৰ হাতীমূৰা মথাউৰিক লৈ স্থানীয় লোক সকল সন্দিহান হৈ থকাৰ সময়তে যোৱানিশা স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্তই মথাউৰিটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এইবাৰ হাতীমূৰা মথাউৰি নিৰ্মাণত চাৰি তৰপীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাত মথাউৰিটোৰ ক্ষয়ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই। অৱশ্যে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ২৪ ঘণ্টাই মথাউৰিটো নিৰীক্ষণ কৰি থকা হৈছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে হাতীমূৰা মথাউৰিৰ শেহতীয়া স্থিতিক লৈ মুখ্যমন্ত্রী আৰু জলসম্পদ মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে।