January 5, 2025 11:05 AM | BBC Journalist

printer

সাম্প্রতিক সময়ত আহোম জনগোষ্ঠী সৰ্ববৃহৎ সংকটৰ মুখামুখি হৈছে বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈৰ প্ৰকাশ

সাম্প্রতিক সময়ত আহোম জনগোষ্ঠী সৰ্ববৃহৎ সংকটৰ মুখামুখি হৈছে বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈয়ে প্ৰকাশ কৰিছে। বি বি চিৰ চাউথ ইষ্ট এচিয়াৰ এডিটৰিয়েল লীড শচীন গগৈয়ে চৰাইদেউ জিলাৰ সোণাৰীত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিবেশনত অসমৰ জাতীয় জীৱনলৈ টাই আহোম জনগোষ্ঠীৰ অৱদান শীৰ্ষক বক্তৃতা অনুষ্ঠানত অংশগ্রহণ কৰে। তেওঁ কয়, যে ১৯৬২ চনত মিৰজুমলাই ৰাজধানী গড়গাঁও দখল কৰি আহোমৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছিল। দ্বিতীয় সংকটৰ সময়খিনি আছিল ১৬৭৯ চনৰ পৰা ১৬৮১ পর্যন্ত। এই সময়ছোৱাত লালুকসোলা বৰফুকনৰ মন্ত্ৰণাত লৰাৰজাই স্বজাতিৰ সংহাৰত নামি পৰিছিল। জাতিটোৰ তৃতীয় সংকট আহিছিল ১৮১৭চনৰ মানৰ আক্ৰমণৰ সময়ত। এই তিনিওটা সংকট কালত পৰিলক্ষিত হোৱা একেবোৰ লক্ষণ সাম্প্রতিক সময়খিনিতো পৰিস্ফুত হৈ উঠা বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে আভ্যন্তৰীণ বিবাদ আৰু বিভেদৰ ফলত আহোমসকলে ৰাজনৈতিক ক্ষেত্ৰত সৱলভাৱে নেতৃত্ব লোৱাত বিফল হৈছে।