October 29, 2025 8:37 PM | PM Maritime Day

printer

সামুদ্রিক ক্ষেত্ৰ দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী

সামুদ্রিক ক্ষেত্ৰ, দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। মুম্বাইত আয়োজিত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ৰ অধীনৰ এখন সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিগত এটা দশকত এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু ব্যৱসায় তথা বন্দৰ আন্তঃগাঁথনিৰ প্ৰসাৰ ঘটিছে। ভাৰতৰ সামুদ্রিক খণ্ডৰ ক্ষীপ্ৰ গতি আৰু শক্তিৰে আগবাঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বন্দৰসমূহ বিকাশশীল ৰাষ্ট্ৰসমূহৰ আটাইতকৈ দক্ষ বন্দৰৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে কেইবাটাও দিশত এই বন্দৰসমূহে উন্নত দেশতকৈও ভাল প্রদর্শন কৰিবলৈ সমৰ্থ হৈছে।
শ্রীমোদীয়ে কয় যে গোলকীয় উত্তেজনা, বাণিজ্যিক বাধা আৰু পৰিৱৰ্তিত যোগান শৃংখলাৰ মাজত ভাৰত কৌশলগত স্বতন্ত্ৰতা শান্তি আৰু সৰ্বাত্মক বিকাশৰ প্ৰতীক হৈ উঠিছে। তেওঁ কয় যে যেতিয়া বিশ্বৰ সমুদ্ৰৰাশি অশান্ত হৈ পৰে তেতিয়া বিশ্ব স্থিৰ আলোকস্তম্ভ অন্বেষণত ব্ৰতী হয়। ভাৰত শক্তি আৰু সুস্থিৰতাৰ সৈতে এই ভূমিকা পালন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নতুন শিখৰত উপনীত হোৱাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। তেওঁ কয় যে তেওঁলোকে সম্প্ৰতি বৃহৎ জাহাজৰ আন্তঃগাঁথনি সম্পদৰ স্বীকৃতি লাভ কৰিছে। ভাৰতৰ নৌ পৰিবহন খণ্ডত কাম কৰা আৰু সম্প্ৰসাৰণৰ এয়া সঠিক সময় বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে শতিকা পুৰণি ঔপনিবেশিক নৌ পৰিবহন আইনসমূহৰ ঠাইীত একবিংশ শতিকাৰ বাবে অনুকূল ভৱিষ্যমুখী আইন প্ৰৱৰ্তন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।