October 5, 2025 12:00 PM | social media

printer

সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দিশসমূহৰ প্ৰতি সচেতন হ’বলৈ দৃষ্টিপাতত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিৰ আহ্বান

সামাজিক মাধ্যম অত্যন্ত শক্তিশালী আৰু ইতিবাচক তথা ৰুচিসন্মতভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ মানসিকতাক প্ৰতিফলিত কৰাই নহয় সমাজতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আলোচনাত অংশ লৈ কালি সমাজকর্মী তথা লেখিকা অৰ্চনা বৰঠাকুৰে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে সামাজিক মাধ্যম জনমত গঠনৰ শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈ উঠে।
এই অনুষ্ঠানত অধিবক্তা নন্দিতা তালুকদাৰে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দিশসমূহৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়। তেওঁ সামাজিক মাধ্যমত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আইন বলৱৎকৰণৰ পোষকতা কৰে।