ডাউনলোড
মোবাইল এপ

android apple
signal

সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰৰ পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল

■ সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটে আৰু ১৯ গৰাকী লোক নিহত হোৱাৰ লগতে ৩০০ জনতকৈও অধিক লোক আহত হয়। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত চৰকাৰে সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ পূৰ্বৰ নিৰ্দেশনা বাতিল কৰা বুলি ঘোষণা কৰে। মন্ত্ৰী গুৰুঙে কয়, যে মন্ত্রালয়ে সংশ্লিষ্ট সংস্থাসমূহক জেন জি অর্থাৎ‍ নৱ প্ৰজন্মৰ দাবী অনুসাৰে সামাজিক মাধ্যমসমূহ পুনৰ মুকলি কৰি দিবলৈ নিৰ্দেশনা দিছে। উল্লেখযোগ্য যে, তিনি দিন পূর্বে নেপাল চৰকাৰে ফেচবুক আৰু এক্স-হেণ্ডলকে ধৰি সামাজিক মাধ্যমৰ ২৬ খন মঞ্চ বন্ধ কৰি দিয়াৰ বাবে নিৰ্দেশ দিছিল। চৰকাৰৰ এই নিৰ্দেশনাই দেশখনৰ নৱপ্ৰজন্মৰ মাজত বিক্ষোভৰ ঢৌ তোলে ৷ আৰক্ষী প্ৰশাসনে বিক্ষোভকাৰীসকলক দমন কৰিবলৈ পানী হিলৈ, কন্দুৱা গেছ আৰু ৰবৰৰ গুলী ব্যৱহাৰ কৰে। পাছত কেইবাজনো লোক এই ঘটনাত নিহত আৰু আহত হোৱাৰ ফলত প্ৰশাসনে পূৰ্বৰ সিদ্ধান্ত বাতিল কৰি যোৱা নিশাৰে পৰা সামাজিক মাধ্যমৰ মঞ্চসমূহ পুনৰ সক্ৰিয় কৰি দিবলৈ নিৰ্দেশ জাৰি কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।