সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ মাদক দ্ৰব্যৰ আসক্তিৰ দৰে মাৰাত্মক হ’ব পাৰে। সামাজিক মাধ্যমৰ প্ৰতি অধিক আসক্তিৰ ফলত মানসিক অস্থিৰতাত ভোগাৰ সম্ভাৱনা থাকে। আকাশবাণী গুৱাহাটীৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে এইদৰে মন্তব্য কৰে। সাম্প্রতিক সময়ত ৰাজনীতিক, পৰীক্ষার্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি সন্দর্ভতো তেওঁ আলোকপাত কৰে। সকলো ধৰণৰ মানসিক ৰোগ জন্মগত নহয় আৰু ৯০ শতাংশ মানসিক ৰোগ চিকিৎসাৰ দ্বাৰা নিৰাময় হয় বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ১৫ বছৰ বয়সৰ আগেয়ে আৰু ২৪ বছৰ বয়সৰ আগেয়ে অধিকাংশ ল’ৰা-ছোৱালীৰ মানসিক সমস্যাৰ সৃষ্টি হয় বুলি উল্লেখ কৰি এই ক্ষেত্ৰত অভিভাৱকক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। এই মানসিক চাপ নিয়ন্ত্রণ কৰাৰ পদ্ধতিসমূহৰ বিষয়েও ডাঃ দাসে মন্তব্য কৰে।
Site Admin | November 16, 2025 12:14 PM | social media
সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ মাদক দ্ৰব্যৰ আসক্তিৰ দৰে মাৰাত্মক হ’ব পাৰে: মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস