সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চান্সলানিক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চি আই ডিয়ে জেৰা কৰে। আজি অধিবক্তাসহ পানবজাৰৰ চি আই ডিৰ থানাত হাজিৰ হোৱাৰ পাছত তদন্তকাৰী বিষয়াই গোচৰ সংক্রান্তত ইউটিউবাৰগৰাকীক জেৰা কৰে। উল্লেখযোগ্য যে শ্রীচান্সলানিয়ে ইউটিউবৰ এটা অনুষ্ঠানত কেতবোৰ অশালীন মন্তব্য কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অপৰাধ অনুসন্ধান শাখাই আশীষ চান্সলানিসহ অন্য চাৰিগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। চি আই ডিৰ এটা দলে ইতিপূৰ্বে মুম্বাইলৈ গৈ ঘটনাৰ তদন্ত কৰাৰ লগতে এই লোককেইজনক চমন জাৰি কৰিছিল। অৱশ্যে গোচৰৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত আশীষ চান্সলানিক জামিন প্ৰদান কৰিছিল। আজি জেৰাৰ অন্তত মুম্বাইলৈ ঘূৰি যোৱা চান্সলানিক প্রয়োজন সাপেক্ষে পুনৰ তলব কৰা হোৱা বুলি যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে জানিবলৈ দিয়ে।
Site Admin | February 27, 2025 7:58 PM | Youtuber Arrest
সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চান্সলানিক চি বি আইৰ জেৰা
