‘সামাজিক ন্যায় সন্দৰ্ভত চৰ্চা’ শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ অংশগ্ৰহণ

সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে দেশৰ প্ৰান্তীয় অঞ্চলত বাস কৰা অন্তিমজন লোক বিত্তীয়, সামাজিক আৰু শৈক্ষিকভাৱে সৱল হৈ নুঠালৈকে প্ৰকৃতাৰ্থত উন্নয়নৰ কথা ভাবিব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ‘সামাজিক ন্যায় সন্দৰ্ভত চৰ্চা’ শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে অনুষ্ঠানৰ লক্ষ্য হৈছে ড° আম্বেদকাৰে সম অধিকাৰৰ সপোন দেখা সমাজৰ শোষিত, বঞ্চিত শ্ৰেণীৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰা। শ্ৰী কুমাৰে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে এনে এখন ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্ব আৰোপ কৰে য’ত, প্ৰগতিৰ বিষয়টোক জন্মৰ সংখ্যাক লৈ নহয়, বৰং, কামৰ আধাৰত নিৰ্ধাৰণ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।