বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বাঢ়িব আৰু ইয়াৰ বাবে মুঠ ঘৰুৱা উৎপাদন প্রায় ২০ লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে দেশৰ জনগণে চৰকাৰৰ এই সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছে। কিয়নো এতিয়াৰে পৰা দৈনন্দিন প্রয়োজনৰ প্ৰায়বোৰ সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত তেওঁলোকৰ আয়ৰ এটা বৃহৎ অংশ ৰাহি হ’ব। শ্রীবৈষ্ণৱে কয় যে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰ সাধন কৰাৰ বাবে বিৰোধী পক্ষ সুখী নহয়। তেওঁ অভিযোগ কৰে যে ইউ পি এ চৰকাৰৰ শাসনৰ সময়ছোৱাত কেৱলমাত্ৰ প্ৰতিশ্ৰুতিহে দিয়া হৈছিল। বাস্তৱত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। তেওঁ লগতে কয় যে ইউ পি এ চৰকাৰৰ সময়ত চিমেণ্টৰ ওপৰত আৰোপ কৰা ৩০ শতাংশ হাৰৰ কৰ এতিয়া ১৮ শতাংশলৈ হ্ৰাস পাইছে। শ্রীবৈষ্ণৱে কয়, যে ইউ পি এ চৰকাৰে চেনিটেৰী পেডৰ ওপৰত আৰোপ কৰা ১৩ শতাংশ কৰ এতিয়া সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে।
Site Admin | September 22, 2025 9:11 PM | Akashvani | Akashvani News | Ashwini Vaishnav | GST
সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিবঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
