সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিশিষ্ট সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে প্ৰকাশ কৰিছে। এই পৰিকল্পনা অহা ৫ৰ পৰা ৭ বছৰৰ ভিতৰত বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত যোৱা নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে অন্তৰংগ আলাপত ডাঃ গিৰিয়ে সাপে দংশন কৰা লোক এঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হোৱাটো অতিকে জৰুৰী বুলি প্ৰকাশ কৰে। ৰাজ্যৰ সমূহীয়া চিকিৎসা কেন্দ্ৰসমূহত এণ্টি ভেনম উপলভ্য বুলি উল্লেখ কৰাৰ লগতে ডাঃ গিৰিয়ে প্রাথমিক চিকিৎসা কেন্দ্ৰবোৰতো এণ্টি ভেনম যোগান ধৰাৰ বাবে যো-জা চলাই থকা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে অলপতে অসম ভ্রমণ কৰি সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নীতি- নিয়মৰ কিছু সালসলনি ঘটাই ৰাজ্যত চলাই থকাৰ দৰে চিকিৎসা দেশৰ অন্যান্য প্ৰান্তত প্ৰচলন কৰিব পৰা যায় নেকি তাক অনুসন্ধান কৰে বুলিও ডাঃ গিৰিয়ে প্ৰকাশ কৰে। সাপে দংশন কৰা ঠাইখিনি বান্ধিব আৰু ধুব নালাগে বুলি উল্লেখ কৰি ডাঃ গিৰিয়ে ৰোগীক শীঘ্ৰেই চিকিৎসালয়লৈ আনিবলৈ সকলোকে আহ্বান জনায়।
Site Admin | June 29, 2025 12:08 PM | air ghy dristipat | Antivenoms
সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুতৰ পৰিকল্পনা কৰা হৈছে বুলি সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিৰ প্ৰকাশ