May 19, 2024 7:13 PM | Badminton

printer

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ থাইলেণ্ড অপেনৰ খিতাপ অৰ্জন

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। সাত্বিকসাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ চেন বো য়াং আৰু লিউ ইক ২১-১৫, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে ২০১৯ চনত এই প্রতিযোগিতাতে প্ৰথমটো চুপাৰ চিৰিজ খিতাপ লাভ কৰিছিল।