প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰি সাগৰ বন্ধু অভিযানৰ অধীনত দেশখনলৈ সমৰ্থন আগবঢ়াই যাব বুলি নিশ্চিতি দিছে। শ্রীমোদীয়ে মহাসাগৰ দৃষ্টিভংগীৰ অধীনত ভাৰতে প্ৰথমেই সাহায্য আগবঢ়োৱা ৰাষ্ট্ৰ হিচাপে শ্রীলংকাত বিপদাপন্ন লোকসকলক উদ্ধাৰ আৰু সাহায্য-সামগ্ৰী প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো সহায় অব্যাহত ৰাখিব বুলি বাৰ্তালাপত উল্লেখ কৰে। ৰাষ্ট্ৰপতি দিশানায়কেই প্রাকৃতিক দুৰ্যোগৰ সময়ছোৱাত ভাৰতে আগবঢ়োৱা এই সাহায্যৰ বাবে কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে উদ্ধাৰকাৰী দলসমূহক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ শ্ৰীলংকাৰ জনসাধাৰণৰ হৈও ভাৰতে সময়মতে আগবঢ়োৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ডিট্ৰাহ ঘূৰ্ণীবতাহে ৰাষ্ট্ৰখনক সৃষ্টি কৰা ব্যাপক ধ্বংস আৰু ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা প্রকাশ কৰে । প্রধানমন্ত্রী শ্রীমোদীয়ে দেশখনৰ প্ৰয়োজনৰ সময়ত ভাৰতৰ জনসাধাৰণ সদায়ে তেওঁলোকৰ থিয় দিব বুলি
ব্যক্ত কৰে।
Site Admin | December 2, 2025 11:35 AM | India help Sri Lanka
সাগৰ বন্ধু অভিযানৰ অধীনত ভাৰতে শ্ৰীলংকালৈ সমৰ্থন আগবঢ়াই যাব : প্ৰধানমন্ত্ৰী মোদী