ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখটাৰ আহমেদ প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, কবি, সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা মুখ্য বক্তা হিচাপে উপস্থিত থাকে।

ইপিনে, ড০ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে কালি নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰূপালী ৰঙালী মঞ্চত অনুষ্ঠিত কাৰ্যসূচীত বিধায়ক তৰংগ গগৈয়ে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে ভূপেন হাজৰিকাৰ গীত-মাত, নৃত্য পৰিৱেশন কৰে। বিধায়ক গগৈয়ে নিজৰ ভাষণত কয়, যে ভূপেন হাজৰিকাই অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰাৰ লগতে বিশ্বৰ স্তৰলৈ লৈ গৈছিল। শিল্পীগৰাকীৰ অনবদ্য অৱদানৰ কথা অসমবাসীয়ে সদায় মনত ৰাখিব বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।
খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যলয় আৰু ডিব্ৰুগড় জিলা গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়তো কালি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।