ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ড০ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু গীতসমূহৰ সংৰক্ষণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মাজত আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰ অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমশীলতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু সাংস্কৃতিক পৰিক্ৰমা বিমল বৰা উপস্থিত থাকে। এই চুক্তি অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগে শিল্পীগৰাকীৰ চলচ্চিত্ৰ আৰু গীতসমূহৰ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু ডিজিটেল ৰূপ প্ৰদানৰ কামৰ দায়িত্ব ল’ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতি বিভাগ, ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠান আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমে এই গৱেষণাৰ কামত সহায় কৰিব। লোক সংস্কৃতি বিভাগে ড০ ভূপেন হাজৰিকাৰ অমূল্য সৃষ্টিৰাজীক ডিজিটেল ৰূপ প্ৰদান কৰি ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। এই ডিজিটেল ৰূপ শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰা হ’ব।