ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উৎসৱসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উৎসৱসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ কামলে জিলাৰ বোৱাচিমলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত যৌথ ন্যোকুম ইউলো উৎসৱ উদযাপনত অংশগ্ৰহণ কৰি আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতক বিশ্বৰ দ্ৰুত বিকশিত অর্থনীতি বুলি উল্লেখ কৰি তেওঁ বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত দেশৰ অৰ্থনৈতিক বৃদ্ধি, আন্তঃগাঁথনি উন্নয়ন, আৰু সমাজ কল্যাণমূলক আঁচনিৰ ৰূপায়ণত উল্লেখনীয় অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ অৰুণাচল প্ৰদেশৰ জলবিদ্যুৎ ক্ষেত্ৰৰ সম্ভাৱনা সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজ্যখনৰ ৫০ হাজাৰ মেগাৱাট শক্তি সামর্থ্য আছে। তেওঁ কয় যে এক মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ ১০ কোটি টকা ব্যয়ৰ প্ৰয়োজন হয়। এই কথাই ৰাজ্যখনৰ জলবিদ্যুৎ খণ্ডত ৫ লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ সম্ভাৱনাকে প্ৰতিপন্ন কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত অৰুণাচল প্ৰদেশত নতুন পৰিৱৰ্তনৰ সূচনা হৈছে। তেওঁ কয়, সমগ্ৰ অৰুণাচলক সামৰি শীঘ্ৰে সম্পূৰ্ণ হ’বলগীয়া ঘাইপথে প্ৰতিখন জিলা সদৰ সংযোগ কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ৪২ হাজাৰ কোটি টকাৰ সীমান্ত ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে৷ বৃহৎ পৰিসৰত অনুমোদন পোৱা এয়া ভাৰতৰ প্ৰথমটো পথ প্রকল্প আৰু প্ৰধানমন্ত্ৰী মোডীৰ বাবেহে এয়া সম্ভৱ হৈ উঠিছে বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।