ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2025 8:00 PM | Gajendra Singh Sekhawat

printer

সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ গুৰুত্ব আৰোপ

সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। স্পেইনত অনুষ্ঠিত সাংস্কৃতিক নীতি আৰু বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ অধ্যক্ষ হিচাপে শ্ৰী শেখাৱটে অংশগ্ৰহণ কৰে। ইউনেস্ক’ই আহ্বান কৰা এই অনুষ্ঠানত বিশ্ব বিভিন্ন প্ৰান্তৰ মন্ত্ৰী আৰু সাংস্কৃতি নেতাসকলক একত্ৰিত কৰি বিশ্ব সাংস্কৃতিক নীতিৰ ভৱিষ্যৎ গঢ় দিয়া হয়। এই সন্মিলনৰ উপৰিও মন্ত্ৰীগৰাকীয়ে স্পেইন, ইৰাণ, নৰৱে, কলম্বিয়া আৰু গ্ৰীচৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মূলতঃ ঐতিহ্য সংৰক্ষণ, সৃষ্টিশীল উদ্যোগ, সংগ্ৰহালয় আৰু পৰিৱেশ্য কলাৰ ক্ষেত্ৰত থকা সহযোগিতাই আজিৰ আলোচনাত স্থান পায় বুলি সাংস্কৃতিক মন্ত্ৰালয়ে প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।